নাওকাটা/ডিমাকুছিঃ সুকীয়া কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আজি পুৱাৰে পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে উত্তৰ পূৱ বাক্সাত।
নাওকাটা, সুৱাগপুৰ, বাঙালীপাৰা নাগ্ৰিজুলি, বগামাটি আদি অঞ্চলত বন্ধৰ কালছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, যান-বাহন চলাচল বন্ধ থাকে৷ নাওকাটাৰ ৰাজপথত বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ আৰু ট্ৰাইবেল সংঘ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।