![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/441966-afp-narendra-modi-in-assam.jpg?itok=X9Wxc229)
ডিজিটেল ৰিপ'ৰ্টঃ বিশ্বৰ ভিতৰতে এক অন্যতম দিশত উজলি উঠাৰ দিশে আগবাঢ়িছে অসম৷ মাজত মাথো কুৰি দিনৰহে অপেক্ষা৷ কুৰিদনৰ পিছতে ২৪ মে’ৰ দিনটো হৈ পৰিব অসমবাসীৰ বাবে ঐতিহাসিক দিন৷
সেইদিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অসমবাসীক গৌৰৱান্বিত কৰি তুলিব পৰা এখন দলং৷ এই দলংখন হৈছে দেশৰ ভিতৰতে দীৰ্ঘতম আৰু এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম দলং হিচাপে পৰিগণিত হোৱা ধলা-শদিয়া সংযোগী দলং৷
মুঠ ১০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৯.১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ২০১১ চনৰ জানুৱাৰীৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ কৰাৰে পৰা দিনে-নিশাই শতাধিক শ্ৰমিক-কৰ্মচাৰী ব্যস্ত থাকি এতিয়া ২৪ মে’ৰ পূৰ্বে সম্পূৰ্ণ কৰি তুলিবলৈ যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে নিৰ্মাণকাৰী 'নৱযুগ' নামৰ কনষ্ট্ৰাকচন কোম্পানীটোৱে৷
নিৰ্মাণকাৰী সংস্থাটোৰ মানৱ সম্পদ বিষয়া এছ পি ৰাজু আৰু নৰেন্দ্ৰ কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে সৰ্বমুঠ ১৮৪টা খুঁটা থকা বহু আকাংক্ষিত এই দলংখন তিনিচুকীয়া জিলাৰ ধলা গাঁৱৰ পৰা শদিয়াৰ ইছলামপুৰ তিনিআলিক সংযোগ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন উদ্বোধন কৰাৰ লগে লগেই শদিয়াৰ সৈতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ যাতায়াতৰ ক্ষেত্ৰখনত আহি পৰিব এক যুগান্তকাৰী পৰিৱৰ্তন৷ কেৱল এয়াই নহয়, এই দলঙেৰে অৰুণাচল প্ৰদেশ হৈ চীন দেশলৈও যোগাযোগ সম্ভৱ হৈ পৰিব৷
ভূমিকম্পত যাতে দলংখনৰ কোনো ক্ষতি নহয় তাৰ বাবে অত্যাধুনিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা এই দলংখন ইমানেই শক্তিশালীভাৱে নিৰ্মাণ কৰা হৈছে যে ইয়াক কেৱল ৰকেট লাঞ্চাৰ ব্যৱহাৰ কৰিহে ধ্বংস কৰিব পৰা যাব বুলি নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়াদ্বয়ে জানিবলৈ দিয়ে৷
ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হ’লেও কিন্তু প্ৰতিৰক্ষাৰ দৰে অতি গুৰুত্বপূৰ্ণ উদ্দেশ্যেৰে নিৰ্মাণ কৰা এই দলংখন চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ অন্যতম বিকল্প ব্যৱস্থা যে হ’ব সেইটোও একপ্ৰকাৰ খাটাং৷ উল্লেখ্য যে, এছিয়া মহাদেশৰ ভিতৰত চীনৰ চিংচাং নদীৰ ওপৰত থকা ১০.২ কিল’মিটাৰ দৈৰ্ঘৰ দীৰ্ঘতম দলংখনৰ পিছতে স্থান লাভ কৰা এই দলংখনে আনকি বিশ্বৰ পৰ্যটকসকলক নিশ্চয়কৈ আকৰ্ষিত কৰিব বুলিও আশা কৰা হৈছে৷ সেয়ে এতিয়া সকলোৱে অধীৰ উৎকণ্ঠাৰে বাট চাই ৰৈছে ২৪ মে’ৰ শুভ ক্ষণটোলৈ৷