ৰঙিয়াঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়েই ৰাজহুৱা খণ্ডৰ একালৰ অগ্ৰণী উদ্যোগ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীৰ এপ’লমিল কাৰ্যক্ষম কৰিবৰ বাবে ৯.৩৫ কোটি টকা ঘোষণা কৰিছিল৷ কিন্তু দুই বছৰ পাৰ হ’বৰ হ’ল যদিও তেনে ঘোষণা কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷
শেহতীয়াকৈ এনে ঘোষণাৰ বাবে জাঙুৰ খাই উঠিছে ৰঙিয়াৰ ৰাইজ৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বস্ত্ৰ উদ্যোগ এপলমিল পুনৰ উজ্জীৱিত কৰাৰ দাবীত নিতৌ প্ৰতিবাদ কৰি আহিছে ৰাইজে৷ এপ’লমিল পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে৷ ঘোষণা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ আছুৰ নেতৃত্বত এপ’লমিলৰ পুনৰ উজ্জীৱিত কৰাৰ দাবীত আছুৱে ভাৰত-ভূটান পথ অৱৰোধ-ধৰ্মঘট-বাইক ৰেলী আদিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷