54
লংকাঃ ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানৰ কবলত হাহাকাৰ কৰি আহিছে৷ ঘৰ-দুৱাৰ-মাটি হেৰুৱাই দুখৰ দিন পাৰ কৰা ৰাজ্যৰ বানাক্ৰান্তক দল-সংগঠনে সাহায্য আগবঢ়াই আহিছে৷
বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহিল লংকাৰ বৃহত্তৰ শিখ সমাজ৷ বৃহস্পতিবাৰে নগাঁৱৰ জখলাবন্ধা অঞ্চলৰ বানাক্ৰান্তৰ মাজত লংকাৰ শিখ সমাজে বান সাহায্য বিতৰণ কৰাৰ লগতে আজি মুখ্যমন্ত্ৰীৰ বান সাহায্য পুজিলৈ ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷