গুৱাহাটীঃ অপেক্ষাৰ অন্ত পেলাই অহা ২৫ মে’ত ঘোষণা কৰা হ’ব অসম উচ্চতৰ মাধ্যমিকৰ ২০১৯ বর্ষৰ চূড়ান্ত ফলাফল।পৰীক্ষাৰ শেষ হোৱাৰ ৭১ দিনৰ ভিতৰত এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।ইতিমধ্যে এই বিষয়ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে।
উল্লেখ্য যে, ২৫ মে’ৰ পুৱা ৯ বজাত ঘোষণা কৰিব লগা ফলাফল প্ৰতি গৰাকী পৰীক্ষাৰ্থীয়ে যাতে সহজতে লাভ কৰিব পাৰে তাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণা বাবে নিৰ্দিষ্ট কৰিছে ১৩ টাকৈ ৱেবচাইটৰ।