ডিজিটেল ৰিপ’ৰ্টঃ গ্ৰেপ্তাৰৰ পিছতে ৰূপ সলনি হ’ল ইণ্ডাছইণ্ড বেংকৰ বিষয়া অলিভিয়া দত্তৰ। কেলেংকাৰী পোহৰলৈ নহালৈকে মেক-আপেৰে নিজকে সজাই-পৰাই তুলিছিল। মিচিকিয়া হাঁহি এটা লৈ ধুনীয়া মহিলাগৰাকীয়ে বেংকলৈ আহি আৰম্ভ কৰিছিল নিজৰ কাম-কাজ।
সুন্দৰ হাঁহিটোলৈ চাই কোনেও ভাবিবই পৰা নাছিল যে তেওঁৰো মনৰ ভিতৰত যে এগৰাকী চোৰ সোমাই আছে। তেওঁলৈ চাই প্ৰতিজন গ্ৰাহকে নিজৰ লেন-দেন সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতিছিল। বেংকৰ আন কৰ্মচাৰী তথা ওপৰৱালা বিষয়াসকলকো হাঁহিটিৰেই বশ কৰি গৈছিল তেওঁ।