84
কোকৰাঝাৰঃ বিটিচি চৰকাৰৰ তৰফৰ পৰা নাথ যোগীসকলৰ জনজাতিকৰণৰ দাবীক আমি কেতিয়াও বিৰোধীতা নকৰো। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
আজি কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ ২৪ তম দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভা তথা শ্বহীদ মনবৰ নাথৰ স্মৃতিত কোকৰাঝাৰৰ ভূটীয়াপাৰাস্থিত ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত উদযাপিত হোৱা শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে।