কাজিৰঙাঃ চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ সময়তে বন বিভাগৰ জালত পৰে তিনি যুৱক৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গোপনে প্ৰৱেশ কৰি ঘাহ কটা, কেমেৰা ভঙা আৰু মাছ মৰাৰ অপৰাধত বৃহস্পতিবাৰে তিনিজন যুৱকক বন বিভাগে আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ঘাহ কাটিবলৈ উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি কেমেৰা ভাঙে তিনি যুৱকে৷
এই সমস্ত দৃশ্য বন্দী হৈছিল কেমেৰাত৷ তাৰ পিছতে ফুটেজৰ ভিত্তিত অভিযান চলাই কাজিৰঙা উদ্যানৰ সমীপৰ ৰাজু চাওৰা, বিজয় কুৰুৱা আৰু বিক্ৰম দাস নামৰ তিনিজন লোকক আটক কৰে বনবিভাগে৷ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত হাতী মাউত হিচাপে কাম কৰা লোক কেইজনে প্ৰায়ে অবৈধ ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ বাবে ঘাঁহ কটাৰ লগতে মাছ মাৰি আনি বৰগছ ৰিজৰ্টত বিক্ৰী কৰা বুলি খোদ স্বীকাৰ কৰে৷