খেৰণিঃ বানে ভিন্ন প্ৰান্তত সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়তে কপিলী নৈত গা ধুবলৈ গৈ তিনিজন ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত৷
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত ডংকামোকাম চহৰ নিৱাসী তেলিছৰাম ৰংহাঙৰ পুত্ৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ভতিজা বিদি ৰংহাং (১৫), প্ৰদীপ ৰংপিৰ পুত্ৰ আংক্লিং ৰংপি (১৪) আৰু ৰঞ্জিত কাথাৰৰ পুত্ৰ কাইছাৰি কাথাৰে (১৫) তুমপ্ৰেঙৰ পিনে ফুৰিবলৈ যাব বুলি কৈ ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়৷