53
গোসাঁইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাত আজি ৩টাকৈ শিশুৰ সলিল সমাধি ঘটে। পুৱা মহকুমাটোৰ ২ নং জয়মা গাঁৱত চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী পানীত পৰি মৃত্যু ঘটে।
প্ৰাপ্ত বাতৰি মতে, উক্ত গাঁৱৰ বাসিন্দা ছফিউল আলীৰ কন্যা মঞ্জুমা খাতুনে(১২) পুৱা ৮-৩০ বজাত সমনীয়াৰ সৈতে ঘৰৰ ওচৰৰে থকা জয়মা নদীৰ শ্লুইচগেটৰ পানীত গা ধুবলৈ গৈছিল। পানীত নমাৰ লগে লগে শ্লুইচগেটটোৰ পানী এৰি দিয়াত পানীৰ সোঁতে তেওঁক উটুৱাই লৈ যায়।