গুৱাহাটীঃ কাৰ্বি আংলঙত বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ তীব্ৰ চাঞ্চল্য অব্যাহত আছে ৰাজ্যত৷ তিনিগৰাকী সাংবাদিকক অতৰ্কিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাক সহজে লোৱা নাই ৰাজ্যৰ বিদ্বত মহলে৷ নগাঁও জিলাৰ তিনিগৰাকী সাংবাদিকক ৰাজ পথতে হত্যা কৰাৰ চেষ্টা কৰাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰৰ ৰাইজে৷ কলা বেজ পৰিধান কৰি দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে৷

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক তথা দল-সংগঠনে৷ সমাজখনৰ বাবে ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মাৰধৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷ কেৱল আক্ৰমণেই নহয় বিশ্বত তথা আমাৰ ৰাজ্যত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ দিছে। কিন্তু তাৰ পিছতো সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰা নহ’ল৷

যাৰ ফলত পুনৰ তিনিগৰাকী সাংবাদিকক আক্ৰমণ কৰে কেইজনমান দৰিদ্ৰৰ তেজ শুহি খোৱা লোকে৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত পথ নিৰ্মাণৰ ঠিকা লাভ কৰা একাংশ ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰি কোৰোণাৰে ধন চপোৱাৰ লক্ষ্য কৰিছিল যদিও বাতৰি সংগ্ৰহ কৰিব যোৱাৰ ফলত সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কোনো কথাৰ অৱতৰণা নকৰাকৈ তিনিগৰাকী সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ নামতৰাডুবিত সোমবাৰে এটি পথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনি সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰে৷

পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিক কেইজনে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল৷ এই ঘটনাৰ উত্তেজনা আজিও অব্যাহত আছে৷ নগাঁৱৰ কামপুৰৰ তিনি সাংবাদিক পুষ্পেন্দ্ৰ বৰা, পুষ্প চৌধুৰী আৰু মাধৱ ভুঞাক প্ৰাণে মৰা চেষ্টা চলােৱাৰ বিৰুদ্ধে কামপুৰত মঙলবাৰে কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংবাদিকক ঠিকাদাৰৰ সাচ মানুহে কোৰ, কোদাল আৰু চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে।

পুষ্পেন্দ্ৰ বৰা গুৰুতৰ ভাবে আহত হয় আৰু চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়৷ কাৰ্বি আংলং স্বায়ত্ব পৰিষদে নিৰ্মাণ কৰা তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিত এই আক্ৰমণ সংঘটিত হয়৷ ব্যাপক দুৰ্নীতিৰে লুতুৰি-পুতুৰি হৈ থকা পৰিষদখনত কোনো লোকে দুৰ্নীতি উদঙাই দিলে যিকোনো প্ৰকাৰে মুখ বন্ধ কৰাৰ চেষ্টা চলাই৷ ঘটনাৰ সৰ্ম্পকত সাংবাদিক কেইজনে বৈঠালাংচু আৰক্ষী চকীত গোচৰ তৰিছে। আৰক্ষীয়ে নামতৰাডুবিৰ অজিত বৰদলৈ আৰু মনোজ কুমাৰ বৰদলৈক গ্ৰেপ্তাৰ কৰে। এই ঘটনাক ৰাজ্যৰ কেইবাটাও দল-সংগঠনে গৰিহণা দিয়ে৷