ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকা সময়ত ডিলাই থানাৰ অন্তৰ্গত লাইলুই গাঁৱত সেনা আৰু আৰক্ষীয়ে  এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ সহ কুকি লিবাৰেচন ফ্ৰণ্ট চমুকৈ কেএলএফৰ তিনি সদস্যক আটক কৰিবলৈ সক্ষম হয়৷ জেকৱ খোমচাই(২০), হাইবম ওৰফে কেনি আৰু থিনচিউ খোমচাই নমাক তিনি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

কেএলএফৰ তিনি দুৰ্ধৰ্ষ সদস্যৰ পৰাআপত্তিজনক নথি-পত্ৰৰ লগতে দুটা পইণ্ট ২২ পিষ্টল, এটা এছবিবিএল ৰাইফল আৰু ২০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷ 
এই সন্দৰ্ভত ডিলাই আৰক্ষী থানাত ১৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ৷ সেনা আৰু আৰক্ষীৰ এনে সফলতাক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে৷