লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং লালপানী মিচিং গাঁৱৰ নিবাসী তিলেশ্বৰ টাইডৰ একমাত্ৰ পুত্ৰ হৰকান্ত টাইড।
যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে হৰকান্ত টাইড (১৪) বছৰীয়া ছাত্ৰজন বিয়লি প্ৰায় ৫ মান বজাত টিউচনৰপৰা ঘৰলৈ আহি পুনৰ ঘৰৰপৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে।
হৰকান্ত টাইড লালপানী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ হৰকান্তৰ পিতৃ তিলেশ্বৰ টাইডে স্থানীয় বগীনদী আৰক্ষী থানাত নিৰুৰ্দ্দেশ এজাহাৰ দিয়ে যদিও আজি পৰ্যন্ত আৰক্ষী ফালৰপৰা কোনো ধৰণৰ সঁহাৰি নাপালে।