ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হস্পিতালত ৬০গৰাকীকৈ শিশুৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এই বাৰ ৩০০ কিশোৰ একেলগে অসুস্থ হৈ পৰে উত্তৰ প্ৰদেশৰ চামলিত৷ মাথো দুমাহ পুৰ্বে উত্তৰ প্ৰদেশৰ শিশুৰ মৃত্যুৰ ছবিখন দেশে আজিও পাহৰিব পৰা নাই৷ আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে ৬০গৰাকী শিশু মৃত্যু মুখত পৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতালত৷
মঙলবাৰে পুনৰ চৰ্চালৈ আহে উত্তৰ প্ৰদেশ৷ বিষাক্ত গেছৰ বাবে একেলগে অসুস্থ হৈ পৰে ৩০০ কিশোৰ৷ স্কুলৰ সমীপৰ এটি চেনিৰ উদ্যোগৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছে চামলি অঞ্চলৰ ৩০০ কিশোৰক অসুস্থ কৰে৷ চেনি কোম্পানীৰ পৰা গেছ নিৰ্গত হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ চকু জ্বলা পোৰা কৰাৰ লগতে পেটৰ বিষ আদি হ’বলৈ ধৰে৷