ওদালগুৰিঃ সমাজৰ একাংশ বেয়া মানুহৰ বাবেই ৰাজ্যত সংঘটিত হৈছে বন্য প্ৰাণীৰ মৃত্যু তথা হস্তী-মানুহৰ সংঘাত। কেইবছৰমান পূৰ্বে ৰাজ্যখনত থকা সেউজ সংৰক্ষিত বনাঞ্চল সমূহ এতিয়া ধ্বংস কৰিছে মানুহে। ফলত বন্য জন্তু সমূহে খাদ্যৰ সন্ধানত জনাঞ্চললৈ গতি কৰেছে৷ এইসমূহ জন্তুৱে ইয়াৰ বাবে বিভিন্ন সময়ত মানুহৰ সৈতে সংঘাত হোৱা দেখা গৈছে। এই ভাষ্য ৰাজ্যৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ।
শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ উদ্যোগত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পৰ্যটনস্থলীত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত উপস্থিত থাকি এই ভাষ্য প্ৰদান কৰে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। ৰাজ্যত চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা, বিভিন্ন বন্যপ্ৰাণীৰ মৃত্যু সন্দৰ্ভত সংবাদ মাধ্যমত-বিভিন্ন মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যবাসীৰ লগতে তেওঁ শোকত ভাগি পৰে বুলি কয়।