কোকৰাঝাৰঃ সমন্বয়ত যি শক্তি আছে, সংঘাতত সেয়া নাই। হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ ভূমিকাৰ বাবেই বিটিচি গঠন হোৱাৰ মাথো ১৪ টা বছৰতে অঞ্চলটোলৈ শান্তি, সমন্বয় ঘূৰি আহি যি উন্নয়নমুখী গতি লৈছে সেয়া অভূতপূৰ্ব । এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ বিশাল পথাৰত ১৫ সংখ্যাক বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত মন্তব্য প্ৰকাশ কৰি অসমৰ বুকুত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বিটিএডি অঞ্চলৰ অৱদান আছে বুলি উল্লেখ কৰে। অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে চৰকাৰৰ মূল লক্ষ্যই হৈছে বিদেশীমুক্ত, দূৰ্নীতিমুক্ত, প্ৰদূষণমুক্ত আৰু সন্ত্ৰাসবাদমুক্ত অসম গঢ়া বুলি উল্লেখ কৰি নিজৰ ভাষণৰ অধিকাংশতে হাগ্ৰাামা মহিলাৰী আৰু চৰকাৰৰ গুণগান গায় সৰ্বানন্দ সোণোৱালে । সম অধিকাৰ ,সম উন্নয়নৰ বাবে চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব বুলি উল্লেখ কৰি আত্মসহায়ক গোট আৰু নিবনুৱাৰ কৰ্মসংস্থাপনৰ বাবে চৰকাৰে বিশেষভাৱে কাম কৰি যাব বুলি উল্লেখ কৰে ।

বিদেশীমুক্ত, দূৰ্নীতিমুক্ত , প্ৰদূষণমুক্ত আৰু সন্ত্ৰাসবাদমুক্ত অসম গঢ়া হ'ব : সৰ্বানন্দ

কোনো জনগোষ্ঠীয়ে যাতে বঞ্চিত হব নালাগে আৰু এজনো দুখীয়ালোক যাতে সম-অধিকাৰ,সম-উন্নয়নৰ পৰা বঞ্চিত নহয় তাৰ বাবে বাজেট প্ৰস্তুত কৰোতে সকলো দিশ সাঙুৰি লোৱা হৈছে বুলি ভাষণত উল্লেখ কৰি দোপতদোপে আগবাঢ়ি যাবলৈ সকলোকে ঐক্যবদ্ধ হৈ কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বীৰ চিলাৰায়ৰ আদৰ্শৰে অসমীয়া জাতিটোক শক্তিশালী হিচাপে গঢ় দিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাই সমন্বয়ত যি শক্তি আছে সেয়া সংঘাতত নাই বুলি পুনৰাই স্পষ্ট কৰি দিয়ে ।

বডোলেণ্ড দিৱসৰ মুকলি সভাত ভাষণ প্ৰসংগত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি-জনগোষ্ঠীৰ সহায়, সহযোগ আৰু সমৰ্থনৰ বাবেহে বিটিচি লাভ কৰাটো সম্ভৱ হৈছে বুলি মন্তব্য কৰে। সকলো দল-সংগঠনে লিখিতভাৱে বিটিচি চুক্তিলৈ সমৰ্থন কৰাৰ সময়তে ৰহস্যজনকভাৱে এবছুৱে সমৰ্থন পত্ৰ দিয়া নাছিল বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে এবছুৰ বৰ্তমানৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰে। বিটিচিত এতিয়াও বহু সমস্যা আছে যি বোৰ কংগ্ৰেছৰ দিনত বহুবাৰ আলোচনা কৰা সত্বেও সমাধান নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সমস্যাবোৰ সমাধানত এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধনাত্মক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

বিটিচিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ বাবে স্বায়ত্বশাসিত পৰিষদ, অসম আন্দোলনৰ শ্বহীদৰ লেখীয়াকৈ বড়ো আন্দোলনৰ শ্বহীদসকলকৰ পৰিয়ালকো পাঁচ লাখকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰে। বাজেটত বিটিচিৰ বাবে অতিৰিক্ত ২০০ কোটি টকা ধাৰ্য কৰাত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

মহিলাৰীয়ে অাদিবাসী, কোচ-ৰাজবংশীৰ জনজাতিকৰণৰ প্ৰতি সমৰ্থন আগবঢ়াই বিটিচিৰ গাঁও কৰ্তনৰ সন্দৰ্ভত নিজ মন্তব্য প্ৰকাশ কৰিছে। আজিৰ ১৫ তম বডোলেণ্ড দিৱস উদযাপনৰ মুকলি সভাতে হাগ্ৰামা মহিলাৰীয়ে কোনোবাই বিটিচি এৰি যাব খুজিলে আপত্তি নাই, বৰং ভালেহে হ'ব কিয়নো ঠাই খালী হ'ব, যাব খুজিছে যাওঁক বুলি মন্তব্য কৰি বিটিচিৰ পৰা কোনোপধ্যেই গাওঁ কৰ্তন নহয় বুলি স্পষ্ট কৰি দিছে হাগ্ৰামা মহিলাৰীয়ে । 

বডোফা নগৰত উদযাপিত হোৱা ১৫ তম বডোলেণ্ড দিৱসৰ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাও নিজ ভাষণত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে বিটিচি প্ৰগতিৰ পথত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আঁত ধৰা আজিৰ সভাতে সাহিত্য অকাডেমী বঁটা প্ৰাপক অঞ্জলী বসুমতাৰী, ছনী টিভিৰ ডেন্সাৰ মাচুম নাৰ্জাৰী আৰু ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীক বিটিচি প্ৰশাসনৰ তৰফৰ পৰা নগদ ধন আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ।

কোনোবাই বিটিচি এৰি যাব খুজিলে যাওঁক, ঠাই খালী হ'ব, কিন্তু গাওঁ কৰ্তন নহয় : হাগ্ৰামা

আজিৰ অনুষ্ঠানত বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী , মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , মন্ত্ৰী ৰিহন দৈমাৰী , বিটিচিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য , বিপিএফৰ বিধায়কসকল , বিটিচিৰ নিৰ্বাচিত সদস্যকে ধৰি বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা কেবা সহস্ৰাধিক সাধাৰণ জনতাও উপস্থিত থাকে ।

মুকলি সভাৰ পূৰ্বে কাৰ্যসূচী অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন, বিটিচি সচিবালয়ৰ সন্মুখত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, শ্বহীদ তৰ্পণ, দেৱৰগাওঁস্থিত বড়োলেণ্ড শ্বহীদ উদ্যানত শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদি কাৰ্যসূচীসমুহ সূচাৰুৰূপে সম্পন্ন হয়।