ডিজিটেল ডেক্সঃ এদিন নহয় দুদিন নহয় বা এমাহ-দুমাহ নহয়, প্ৰায় চাৰি বছৰ আত্মীয়জনৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকাৰ পাছত অহা বেয়া খবৰটোৱে এতিয়া পাঞ্জাৱত কন্দুৱাইছে বহু পৰিয়ালক৷ ইৰাকৰ মছুল চহৰত আইছিছে ৩৯ জন ভাৰতীয় শ্ৰমিকক হত্যা কৰাৰ তথ্য বিদেশ মন্ত্ৰী সুষমা স্বৰাজে সংসদত দাখিল কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠিছে পৰিয়ালসমূহত৷
২৫ বছৰীয়া মনজিন্দৰ সিং দুৰ্ভগীয়া দলটোৰ এজন আছিল৷ মৃত মনজিন্দৰৰ জ্যেষ্ঠ ভগ্নী গুৰপিন্দৰ কৌৰে এই চাৰি বছৰত তেওঁৰ ভাতৃক উদ্ধাৰৰ বাবে চৰকাৰৰ দুৱাৰে দুৱাৰে তাঁত-বাতি কৰাৰ লগতে ১৫ বাৰ দিল্লীলৈ আহিছিল৷ ইমানৰ পাছতো তেওঁ নিজ ভাতৃক সন্ত্ৰাসবাদীৰ কবলৰ পৰাতো বচাব নোৱাৰিলেই, ৩৯ জন ভাৰতীয়ৰ মৃত্যুৰ বাতৰিটোও টিভিৰ নিউজতহে পালে৷