গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শুৱাগপুৰত এগৰাকী মহিলাক উলংগ কৰি আদিমযুগৰ শাস্তি বিহা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী মহিলা আৰু এগৰাকী পুৰুষক যোৱা ৬ এপ্ৰিলত একাংশই উলংগ কৰি মাৰধৰ কৰাৰ ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত সুবাগপুৰৰ বৰনদীপাৰ গাঁৱৰ কৰবী শইকীয়া, অনিতা কলিতা, হৰেণ হৰিজন আৰু নিৰ্মলা কলিতাক আটক কৰে।
ইপিনে চাৰি গৰকী ব্যক্তিক আটক কৰাৰ পিছত সন্ধিয়া বহু পুৰুষ মহিলা সুবাগপুৰ থানাত সমবেত হোৱাত চেপা উত্তেজনাই বিৰাজ কৰে। গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৱাগপুৰ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত বৰনদীপাৰ গাঁৱৰ নিৰঞ্জন কলিতাৰ ঘৰত যোৱা ৬ এপ্ৰিলৰ নিশা গাঁও খনৰ নিৰঞ্জন কলিতাৰ পত্নী আৰু গুৱাহাটী নিবাসী এজন লোকক উলংগ কৰি প্ৰচণ্ড মাৰপিট কৰে।