কামপুৰঃ বৃহস্পতিবাৰে একাংশ ক্ষোভিত লোকে নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলীক বন বিভাগৰ লোকক আক্ৰমণ কৰাৰ ঘটনাৰ আজিও তীব্ৰ চাঞ্চল্য অব্যাহত আছে।বন বিভাগৰ লোকৰ সন্মুখতে দুটি হাতীয়ে যুজ লাগি বিস্তৰ ক্ষতি সাধন কৰি থকাৰ সময়তে বন বিভাগৰ লোকে অসহায় হৈ চাই থাকিব লগা হোৱাত ৰাইজ উত্তেজিত হৈ বন বিভাগৰ লোকক আক্ৰমণ কৰিছিল একাংশ লোকে৷
উত্তেজিত লোকৰ গণ প্ৰহাৰৰ পৰা ৰক্ষা পাবলৈ হাতত বন্দুক লৈ দৌৰিব লগা হয় বন বিভাগৰ লোকে৷ পলায়ণ কৰা বনকৰ্মীসকলে শুকুৰবাৰে গোচৰ ৰুজু। ৰাইজৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় আলি হুচেইন নামৰ এগৰাকী বন কৰ্মী। আহত হয় বন কৰ্মী ৰূপ জ্যোতি বৰা, ৰবিন মহন্ত, গুণ কান্ত হাজৰীকাই ননৈ আৰক্ষী চকীত এক গোচৰ তৰে।