Home ৰাজ্যআৰ্তজনক সহায় কৰাৰ বাবে চাৰিটাকৈ প্ৰকল্প মুকলি

আৰ্তজনক সহায় কৰাৰ বাবে চাৰিটাকৈ প্ৰকল্প মুকলি

by News Desk
A+A-
Reset
d3dc806c-accf-4734-b89e-819d8bab8a54

নগাঁওঃ মানসিকভাৱে বিকাৰগ্ৰস্ত, অসহায় বৃদ্ধ-বৃদ্ধা, অসহায়ভাৱে ঘূৰি ফুৰা আৰু পিতৃ-মাতৃ তথা এচিড আক্ৰমণত আহত হোৱা যুৱতীক আইনী সাহাৰ্য প্ৰদানৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই মৰ্মে, সময়ে সময়ে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাইজে যাতে আইন সাহাৰ্য লাভ কৰিব পাৰে তাৰ বাবে সজাগতা সভাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছে। 

মঙলবাৰে নগাঁও আদালত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মাৰাঙে জানিবলৈ দিয়ে যে নগাঁও আৰু হোজাই জিলাত বিগত সময়চোৱাত উল্লেখিত লোকসকলক বিনামূলীয়া আইনী সাহাৰ্য দিয়াৰ লগতে তেওঁলোকে যাতে সুচল জীৱন যাপন কৰিব পাৰে তাৰো পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। মাৰাঙে লগতে কয় যে নগাঁও আৰু হোজাই জিলা দুখন অধিক জনবহুল জিলা হিচাপে চিহ্নিত। সেয়ে আমি এই জিলা দুখনৰ সমাজত নিজ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত দৰিদ্ৰ, মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু দিব্যাঙ্গ লোকসকলক জিলা ন্যায় সেৱা প্ৰাধিকাৰীয়ে সময়ে সময়ে উদ্ধাৰ কৰাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে। তদুপৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক আইন সম্পৰ্কীয় শিক্ষা প্ৰদান কৰি অহা হৈছে৷ এই সংবাদমেলতে এই লোকসকলৰ কল্যাণৰ বাবে অধিক কাম কৰাৰ লক্ষ্যৰে চাৰিটা প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰণিতা মাৰাঙে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0