লিডুঃ তিনিচুকীয়া জিলাত যোৱা ৬ মাহৰ ভিতৰত বিদ্ৰোহীয়ে কেইবাটাওঁ অঘটন সংঘটিত কৰাৰ পিছৰে পৰা সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ সেনা-আৰক্ষীয়ে হত্যা, অপহৰণ, ডকাইতি, ধনদাবী কাণ্ডৰ সৈতে জড়িত লোকসকলক জালত পেলাবলৈ অভিযান অব্যাহত ৰাখিছে৷
বৃহস্পতিবাৰে নিশা লিডুৰ পাহাৰত অভিযান চলাই লিডু আৰক্ষী আৰু ১৪নং অসম ৰাইফলছে চাৰিজনকৈ কুখ্যাত অস্ত্ৰধাৰীক আটক কৰে৷ দলটোৰ পৰা আৰক্ষী আৰু সেনাই এটা পইন্ট ২২ পিষ্টল, তিনিটা মোবাইল হেণ্ডচেট, আৰু দুই ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷