লংকাঃ ৰাজ্যত বন বিভাগৰ গাফিলতিৰ বাবে ৪টাকৈ বনৰীয়া হাতীৰ প্ৰাণ যোৱাৰ লগতে এটা প্ৰকাণ্ড হাতীয়ে বৰ্তমানেও চটফটাই আছে হোজাই জিলাত৷ এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ হাৱাইপুৰত৷ ৰাজ্যত পুনৰ বন বিভাগৰ গাফিলতিৰ বাবে ৪টাকৈ বনৰীয়া হাতীৰ প্ৰাণ যোৱা বুলি হোজাইত অভিযোগ উত্থাপন হৈছে৷
হোজাই জিলাৰ লংকাৰ হাৱাইপুৰত গুৱাহাটী–শিলচৰ যাত্ৰীবাহী ৰেলৰ খনৰ খুন্দাত নিহত হয় বনৰীয়া হাতীকেইটা৷ জানিব পৰা মতে, পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাক এটাই যোৱা কেইবাটাও দিন ধৰি অঞ্চলটোত বিচৰণ কৰি আহিছে৷