লংকাঃ ৰাজ্যত বন বিভাগৰ গাফিলতিৰ বাবে ৪টাকৈ বনৰীয়া হাতীৰ প্ৰাণ যোৱাৰ লগতে এটা প্ৰকাণ্ড হাতীয়ে বৰ্তমানেও চটফটাই আছে হোজাই জিলাত৷ এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ হাৱাইপুৰত৷ ৰাজ্যত পুনৰ বন বিভাগৰ গাফিলতিৰ বাবে ৪টাকৈ বনৰীয়া হাতীৰ প্ৰাণ যোৱা বুলি হোজাইত অভিযোগ উত্থাপন হৈছে৷

হোজাই জিলাৰ লংকাৰ হাৱাইপুৰত গুৱাহাটী–শিলচৰ যাত্ৰীবাহী ৰেলৰ খনৰ খুন্দাত নিহত হয় বনৰীয়া হাতীকেইটা৷ জানিব পৰা মতে, পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাক এটাই যোৱা কেইবাটাও দিন ধৰি অঞ্চলটোত বিচৰণ কৰি আহিছে৷

শনিবাৰে সন্ধিয়ালৈকে অঞ্চলটোত বিচৰণ কৰি থকা হাতীৰ জাকটোৱে ৰেল লাইন পাৰ হ’ব ধৰোতেই ৰেলে খুন্দিয়াই৷ ফলত ৪টা প্ৰকাণ্ড প্ৰকাণ্ড হাতীক মহতিয়াই নিয়ে ৰেলখনে৷ ফলত ৪টা হাতীৰে থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷

গুৱাহাটী–শিলচৰ যাত্ৰীবাহী ৰেলে এই দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ হাতীৰ জাকটোক খুন্দা মৰাৰ পিছত ৰেল খন লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে৷ ৰে’লখন লাইনচ্যুত হোৱাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে যদিও কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই৷ আনহাতে বন বিভাগে হাতীৰ জাকে মুক্ত বিচৰণ কৰি থাকিলেও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷ হাতীৰ জাকক ৰেল লাইনৰ ওচৰৰ পৰা সুৰক্ষিত ঠাইত খেদি পঠোৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে৷