Home ৰাজ্যস্বাধীন অসমীয়া! মাৰণাস্ত্ৰসহ ধৰা পৰিল চাৰি

স্বাধীন অসমীয়া! মাৰণাস্ত্ৰসহ ধৰা পৰিল চাৰি

by News Desk
58 views
A+A-
Reset

গোৰেশ্বৰঃ নিতৌ নতুন বিদ্ৰোহী সংগঠন ভূমিষ্ঠ হৈছে ৰাজ্যখনত৷ একাংশ কম বয়সীয়া যুৱকে সংগঠন একোটাৰ জন্ম দি ধন দাবীৰে টকা ঘটিব বিচাৰে বুলি অভিযোগ উত্থাপন হৈছে৷ বিঠিএডি অঞ্চলত তেনে সংগঠনৰ সৈতে জড়িত যুৱক ইতিমধ্যে সেনা আৰক্ষীৰ জালত পৰিছে৷ নেচনেল ফ্ৰিডম ফাইটাৰ অব বড়োলেণ্ড নামৰ এটি অজ্ঞাত সংগঠনৰ দুজন কেডাৰক বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত টঙাবাৰী গাঁৱৰ পৰা চলিত মাহৰ ৭ জুলাইত গোৰেশ্বৰ আৰক্ষী আৰু সেনাৰ ২১ মাহাৰ ৰেজিমেন্টৰ গোৰেশ্বৰ কেম্পে অভিযান চলাই আটক কৰিছিল।

টঙাবাৰী গাঁৱৰ কনক বড়ো আৰু গোৰেশ্বৰ মংগল চ’কৰ শুকৰাম বড়ো ৭ জুলাইত আটক হৈছিল। নেচনেল ফ্ৰিডম ফাইটাৰ অৱ বড়োলেণ্ড নামৰ অজ্ঞাত সংগঠনটোৰ বিগৰাই দৈমাৰী নামৰ আন এজন কেডাৰ যোৱা ১৭ জুলাইত গোৰেশ্বৰৰ হালংবাৰীৰ পৰা সেনা আৰক্ষীয়ে আটক কৰে৷ বুধবাৰে নিশা পুনৰাই বাক্সা জিলাৰ গোৰশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত চেনীগাঁৱত ‘সংযুক্ত স্বাধীন অসমীয়া সেনা’ নামৰ সংগঠনৰ চাৰি সদস্যক ভাৰতীয় সেনাৰ মাহাৰ ৰেজিমেন্টে আটক কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0