ডিফুঃ ১৭ অক্টোবৰ আহিলে তেওলোকৰ বুকু কপি উঠে৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও তেওলোকে ছটফটাই৷ ২০০৫ চনৰ কাৰ্বি আংলংৰ ছাৰ্চিম-প্ৰিছেকৰ অবৰ্ণনীয় নৃশংস গোষ্ঠীগত সংঘৰ্ষৰ বলি হৈ প্ৰাণ হেৰুওৱা ৪১গৰাকী কাৰ্বি পুৰুষ-মহিলাৰ হত্যাকাণ্ডৰ মঙলবাৰে ১২ বছৰ অতিক্ৰম কৰিলে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ কলা অধ্যায় আছিল সেই দিনটো৷ সেই ভয়াবহ দিনৰ স্মৃতি সোৱৰি আজিও কান্দি উঠে তেওলোক৷ ৪১গৰাকী শ্বহীদক আজি কাৰ্বি ভূমিৰ লোকে স্মৰণ কৰে৷
বিভিন্ন ঠাইত শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷ ২০০৫চনৰ কাৰ্বি পাহাৰত সংঘটিত কাৰ্বি-ডিমাছাৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত পশ্ছিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিছেক নামৰ ঠাইত দুৰ্বৃত্তই যাত্ৰীবাহী বাছ এখন ৰখাই ৪১ জনকৈ কাৰ্বি পুৰুষ-মহিলাক ডিঙি ৰেপি দাৰে ঘপিয়াই নৃশংস ভাবে হত্যা কৰিছিল৷ সেই বীভৎস ঘটনাৰ আজিও কাৰ্বি ৰাইজে পাহৰিব পৰা নাই ৷