নতুন দিল্লীঃ স্বাধীনতা দিৱসত এইবাৰ বিশেষ ভূমিকা পালন কৰিব উত্তৰ-পূবৰ নাৰীশক্তিয়ে। সেই দিনটোত দেশৰ ৰাজধানী দিল্লীৰ পহৰাৰ দায়িত্বত থাকিব উত্তৰ-পূবৰ ৪১গৰাকী মহিলা কমাণ্ডো। ইতিমধ্যে এই মহিলা কমাণ্ডোসকলক বিশেষ প্ৰশিক্ষণ প্ৰদানেৰে প্ৰস্তুতি কৰি তোলা হৈছে।
স্বাধীনতা দিৱসৰ অনুষ্ঠানত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’লে তাৰ সন্মুখীন হ’ব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই নাৰী বাহিনীক। মূলত দিল্লীৰ লালকিল্লা আৰু ইণ্ডিয়া গেটৰ লগতে তাৰ সমীপৱৰ্তী অঞ্চলত নিৰাপত্তাৰ দায়িত্বত থাকিব এই নাৰী বাহিনী।