newsnextone.com | বোকাজানঃ দুগৰাকী নিৰীহ অসমীয়া যুৱকক কেইগৰাকীমান লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰিছে৷
ৰাজ্যৰ চৌদিশে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অহাৰ সময়তে ঘটনাৰ অন্যতম অভিযুক্ত আলফাজছ তিমুং যোৱা ১২ জুনৰ নিশা আৰক্ষীৰ জালত পৰে৷ ৰাইজে কৰা প্ৰতিবাদৰ ফলত অসম চৰকাৰে আৰক্ষীক সষ্টম হোৱাৰ লগতে ঘটনাৰ সৈতে জড়িত সকলো লোকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ফল স্বৰূপে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ নিৰীক্ষণ কৰি অভিযুক্তক আটক কৰাৰ বাবে অভিযান চলাই৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৩৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷