newsnextone.com | বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাপুংপাৰেত দেৱাল খহি মৃত্যুক আকোৱালী লোৱা বিশ্বনাথ জিলাৰ বিহালীৰ মাদুৰালিৰ ৫ জন শ্ৰমিকৰ মৃতদেহ সোমবাৰে বিহালীলৈ অনা হয়৷ মৃতদেহ বিহালীত উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ সহস্ৰাধিক লোকৰ উপস্থিতিত মাদুৰালিৰ ৰাজহুৱা শ্মশানত একেলগে ৫খন চিতাত ৫ জনকৈ শ্ৰমিকৰ শেষকৃত্য সম্পন্ন কৰে৷

অতি দৰিদ্ৰ পৰিয়ালৰ পাপু গোড়, বাবুল টেলেঙা, ৰাজেন টেলেঙা, কানহা কাঁৱাৰ আৰু পাপু কাটিয়া নামৰ শ্ৰমিক কেইজনে অৰুণাচলৰ পাপুংপাৰে জিলাৰ ডলি ক’লনিত ৰাজমিস্ত্রীৰ সহায়কাৰী হৈ কাম কৰি আছিল৷ দেওবাৰে পুৱতি নিশা অস্থায়ী কেম্পত শুই থকা অৱস্থাত পকী দেৱাল খহি পৰাত শ্ৰমিক যুৱক কেইজনৰ মৃত্যু হয়৷ 

অৰুণাচল প্ৰশাসনে মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাত পৰিয়ালৰ লোকে যুৱক কেইজনৰ নশ্বৰদেহ বিহালীলৈ আনি বিহালী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷ তাৰ পিছতে শ্ৰমিকসকলৰ নশ্বৰদেহ নিজ নিজ বাসগৃহলৈ নিয়া হয় আৰু শোকবিহ্বল পৰিবেশৰ সৃষ্টি হয়৷ আনহাতে শ্মশানস্থলীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ লগতে কেইবাটাও সংগঠনৰ নেতাৰ উপস্থিতিত এখন শোকসভা অনুষ্ঠিত কৰে৷

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰৰ সভাপতি নৰোত্তম চুণ্ডীয়ে আঁত ধৰা সভাখনত শোক প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাৰ সিদ্ধান্ত মৰ্মে নিহত ৫জন যুৱকৰ দৰিদ্ৰ পৰিয়াল কেইটাক ৫ লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে অৰুণাচল চৰকাৰক দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে৷

বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু বিশ্বনাথৰ শ্ৰম বিষয়াক যুৱক কেইজনৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই ৰাজহুৱা স্মাৰক পত্র প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাত বিপ্লৱী যুৱ সন্থাৰ পৰিমল গোড়, আটছাৰ ভগীৰথ কৰ্ণ, সদৌ ভাৰত ছাত্র সন্থাৰ সপোন শইকীয়া, পুৱ বাঘমৰা সমবায় সমিতিৰ সদানন্দ দত্ত, গাঁও পঞ্চায়তৰ সদস্য ভোলা পানিকাই বক্তব্য আগবঢ়ায়৷