newsnextone.com | বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাপুংপাৰেত দেৱাল খহি মৃত্যুক আকোৱালী লোৱা বিশ্বনাথ জিলাৰ বিহালীৰ মাদুৰালিৰ ৫ জন শ্ৰমিকৰ মৃতদেহ সোমবাৰে বিহালীলৈ অনা হয়৷ মৃতদেহ বিহালীত উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ সহস্ৰাধিক লোকৰ উপস্থিতিত মাদুৰালিৰ ৰাজহুৱা শ্মশানত একেলগে ৫খন চিতাত ৫ জনকৈ শ্ৰমিকৰ শেষকৃত্য সম্পন্ন কৰে৷
অতি দৰিদ্ৰ পৰিয়ালৰ পাপু গোড়, বাবুল টেলেঙা, ৰাজেন টেলেঙা, কানহা কাঁৱাৰ আৰু পাপু কাটিয়া নামৰ শ্ৰমিক কেইজনে অৰুণাচলৰ পাপুংপাৰে জিলাৰ ডলি ক’লনিত ৰাজমিস্ত্রীৰ সহায়কাৰী হৈ কাম কৰি আছিল৷ দেওবাৰে পুৱতি নিশা অস্থায়ী কেম্পত শুই থকা অৱস্থাত পকী দেৱাল খহি পৰাত শ্ৰমিক যুৱক কেইজনৰ মৃত্যু হয়৷