newsnextone.com | গোৱালপাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মেঘালয়ৰ গাৰো হিলছত ৫ শ্ৰমিকৰ শোকাৱহ মৃত্যুক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ দীৰ্ঘদিনৰ পৰা মাটিৰ কিছু ওপৰেৰে টানি নিয়া বিদ্যুতৰ তাৰত লাগি একেলগে ৫গৰাকী দৰিদ্ৰ শ্ৰমিকৰ মৃত্যু হয়৷ 

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে শোকৰ ছাঁ পৰে৷ এঠাইৰ পৰা আন এঠাইলৈ সামগ্ৰী কঢ়িয়াই থকা অৱস্থাত নিচেই ওচৰত থকা বিদ্যুতৰ তাঁৰত লাগি ৭জন শ্ৰমিক গুৰুতৰ ভাৱে আহত হয়৷ স্থানীয় লোকে ততাতৈয়াকৈ আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে আশ্ৰফ, দ্বীপ ৰাভা, ছানোৱাৰ, চোহৰাব আলী আৰু জয়নাল নামৰ শ্ৰমিক কেইজনৰ মৃত্যু হয়৷