64
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ তিতাগুৰিত যোৱা ১ আগষ্টত অচিনাক্ত দূস্কৃতিকাৰীয়ে ছাত্ৰ নেতা লাফিকুল ইছলামক গুলীয়াই হত্যা কৰা তিনিদিন পিছত আজি কংগ্ৰেছৰ বিধায়িনী দল এটা মৃতকৰ ঘৰত উপস্থিত হয়।
বিৰোধী দলপতি তথা কংগ্ৰেছৰ বিধায়ক দেবব্ৰত শইকীয়াৰ নেতৃত্বত অহা সজাঁতি দলটোৱে নিহত লাফিকুল ইছলামৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি বৰ্বৰোচিত হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে মৃতকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।