কোকৰাঝাৰঃ কোকৰাঝাৰৰ আবকাৰী উপ-পৰিদৰ্শক তথা এনআৰচিক বিষয়া নাৰায়ন বৰালক যোৱা ২ মে’ত উল্টাপানী বনাঞ্চলত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰাৰ পিছৰে পৰা প্ৰতিক্ৰিয়া অব্যাহত আছে। মাগুৰমাৰীৰ পৰা এনআৰচি ডিউটি সামৰি ভাৰত ভূটান সীমান্তৰ সৰলপাৰাস্থিত নিজ ঘৰলৈ যোৱাৰ পথতে হত্যাৰ বলি হোৱা নাৰায়ন বৰালৰ হত্যাকাৰীক আটক কৰিবলৈ পৰিয়াল আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাই দাবী উত্থাপন কৰিছে।
ইপিনে শুকুৰবাৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ ব্ৰহ্ম সহিতে বিপিএফৰ প্ৰতিনিধিৰ দল এটাই প্ৰয়াত নাৰায়ন বৰালৰ সৰলপাৰাস্থিত বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে ঘটনাটোক অতি দূৰ্ভাগ্যজনক আখ্যা দি দোষীক আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। তদুপৰি মৃতকৰ পৰিয়াললৈ বিটিচি চৰকাৰৰ পৰা দুই লাখ আৰু বিপিএফ দলৰ পৰা তিনি লাখ আৰ্থিক সাহায্য ঘোষণা কৰে খাম্পা বৰগয়াৰীয়ে।