newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই মানৱতাক লজ্জানত কৰিছে৷ ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰে নতুন নতুন আইন প্ৰৱৰ্তন কৰিছে যদিও ৰোধ হোৱা নাই এনে অমানুষিক ঘটনাৰ৷
সমাজসেৱা কৰিবলৈ গৈ এইবাৰ ঝাৰখণ্ডৰ এটি আদিৱাসী অঞ্চলত গণধৰ্ষণৰ বলি হ’ল ৫ গৰাকী মহিলা সমাজকৰ্মী৷ পিছপৰা আদিবাসী এলেকাটোৰ মানুহৰ মনত কিছু ইতিবাচক পৰিৱৰ্তন সাধন কৰিবলৈ যোৱা সমাজকৰ্মী দলটোৰ মহিলা সমাজকৰ্মী সকলক দুৰ্বৃত্তই গণধৰ্ষণ কৰে৷ আনহাতে, দুৰ্বৃত্তই ধৰ্ষণ সংঘটিত কৰি তাৰ ভিডিঅ’ বনাই নিৰ্যাতিতাক ভয় দেখুৱাওৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷
জানিব পৰা মতে, ৰাঁচীৰ পৰা ৫০ কিঃমিঃ দূৰৰ খুন্টি জিলাৰ কোচাং অঞ্চললৈ গৈছিল স্থানীয় খ্ৰীষ্টান মিছনেৰীৰ এটি ১১ জনীয়া সমাজকৰ্মীৰ দল৷ তাত তেওঁলোকে স্থানীয় লোকসকলক সামাজিক আচাৰ-ব্যৱহাৰ সম্পৰ্কে সচেতন কৰি তুলিবলৈ এখন বাটৰ নাট প্ৰদৰ্শন কৰিছিল৷ সমাজকৰ্মীৰ দলটোৱে বাটৰ নাট অনুষ্ঠিত কৰি থকাৰ সময়তে এদল দুস্কৃতিকাৰী উপস্থিত হয়৷
দুস্কৃতিকাৰীয়ে প্ৰথমে সমাজকৰ্মী দলটোৰ পুৰুষসকলক আক্ৰমণ কৰে আৰু পিছত বন্দুক দেখুৱাই ৫ গৰাকী মহিলাক অপহৰণ কৰি লৈ যায়৷ দুস্কৃতিকাৰীয়ে তিনি ঘন্টাৰ পিছত মহিলা সমাজকৰ্মী কেইগৰাকীক জংঘলৰ মাজত পেলাই থৈ যায়৷
আনহাতে, ধৰ্ষণকাৰী দুৰ্বৃত্তসকলে ধৰ্ষণৰ ভিডিঅ’ বনাই নিৰ্যাতিতা কেইগৰাকীক ভয় দেখুৱাই যে এই ঘটনাৰ বিষয়ে যদি কাৰোবাক কয় বা আৰক্ষীক অৱগত কৰে, তেন্তে ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হ’ব৷
দুৰ্বৃত্তৰ ভাবুকিৰ পিছত নিৰ্যাতিতা কেইজনীয়ে ঘটনাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও পিছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অৱগত হোৱাত তদন্ত আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া অশ্বিনী কুমাৰ সিনহাই৷
আৰক্ষীয়ে তদন্ত চলাই ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ সন্দেহত ৯ জন লোকক আটক কৰি সোধ-পোছ চলাইছে৷ ইফালে এক তদন্তকাৰী সমিতি গঠন কৰি নিৰ্যাতিতা মহিলা ৫ গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হয়৷ স্বাস্থ্য পৰীক্ষাৰ পিছত মহিলাকেইগৰাকীক ধৰ্ষণ কৰা হৈছে বুলি তদন্তকাৰী সমিতিয়ে নিশ্চিত হৈছে৷
জানিব পৰা মতে, অভিযুক্তসকল পাতালগড়িৰ সমৰ্থক৷ পাতালগড়িৰ আদিৱাসীসকলৰ মতে তেওঁলোকৰ অঞ্চলত তেওঁলোকৰ ইচ্ছা মতেই সকলো কৰিব পৰা যায়৷ তেওঁলোকৰ অনুমতি অবিহনে আৰক্ষীয়ে হওক বা আন লোক, তেওঁলোকৰ ওঞ্চলত প্ৰৱেশ কৰিব নোৱাৰাৰ নিয়ম পাতালগড়িয়ে নিজেই বান্ধি লৈছে৷