newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই মানৱতাক লজ্জানত কৰিছে৷ ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰে নতুন নতুন আইন প্ৰৱৰ্তন কৰিছে যদিও ৰোধ হোৱা নাই এনে অমানুষিক ঘটনাৰ৷
সমাজসেৱা কৰিবলৈ গৈ এইবাৰ ঝাৰখণ্ডৰ এটি আদিৱাসী অঞ্চলত গণধৰ্ষণৰ বলি হ’ল ৫ গৰাকী মহিলা সমাজকৰ্মী৷ পিছপৰা আদিবাসী এলেকাটোৰ মানুহৰ মনত কিছু ইতিবাচক পৰিৱৰ্তন সাধন কৰিবলৈ যোৱা সমাজকৰ্মী দলটোৰ মহিলা সমাজকৰ্মী সকলক দুৰ্বৃত্তই গণধৰ্ষণ কৰে৷ আনহাতে, দুৰ্বৃত্তই ধৰ্ষণ সংঘটিত কৰি তাৰ ভিডিঅ’ বনাই নিৰ্যাতিতাক ভয় দেখুৱাওৱা বুলিও অভিযোগ উত্থাপিত হৈছে৷