খাৰুপেটীয়াঃ সততে আমি বিশ্বৰ আন আন প্ৰান্তৰ আজৱ খবৰবোৰ সংবাদ মাধ্যম যোগে পঢ়িবলৈ বা দেখিবলৈ সুবিধা পাও৷ কিন্তু এইবাৰ আজৱ খবৰ পোবৰলৈ আহিছে আমাৰ অসমতে৷ যাক আজৱ খবৰ বুলিয়ে কব লাগিব৷ 

বিশ্বত এতিয়ালৈ নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে অসম মূলকত৷ ৫ মহীয়া কন্যা সন্তান গৰ্ভপতি হৈছে অসমত মূলকত৷ ৫ মহীয়া কন্যা সন্তানৰ পেটত ভ্ৰূণ থকাৰ কথা পোহৰলৈ আহিছে দৰং জিলাত৷ দুগৰাকী চিকিৎসকে এটি ৫ মহীয়া সন্তানক দীৰ্ঘ পৰীক্ষা কৰাৰ অন্তত এই কথা ঘোষণা কৰি নিজেই আচৰিত হৈ পৰে৷

দৰং জিলাৰ খাৰুপেটীয়াৰ উলুৱাৰি গাঁৱৰ পাঁচ মহীয়া কন্যা সন্তানৰ পেটত ভ্ৰূণ থকাৰ কথা পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাঁচ মহীয়া কন্যা সন্তানটোৰ জন্ম পোৱাৰ পিছৰে পৰা পেটটো লাহে লাহে ডাঙৰ হৈ আহিছিল বুলি জানিব পৰা যায় পৰিয়ালৰ পৰা৷ 

পিছত পিতৃ মাতৃয়ে চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰিছিল যদিও শৰীৰৰ অৱয়ব সলনি হৈ গৈ থাকে৷ চিকিৎসকে এক্সৰে, আলট্ৰাচাউণ্ড কৰাৰ পিছত কেচুৱাটোৰ পেটত ভ্ৰূণ থকাৰ কথা পোহৰলৈ আনে। এই আজৱ খবৰে এতিয়া চৌদিশে খলকনি লগাইছে৷