49
শ্ৰীনগৰঃ সমগ্ৰ বিশ্বত কৰ’না আতংক অব্যাহত থকাৰ মাজতে গুলীৰ শব্দত শনিবাৰে নিশা কঁপি উঠে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলা। এই গুলীয়াগুলিত দুগৰাকী শীৰ্ষ সেনা বিষয়াসহ শ্বহীদ হৈছে ৫জনকৈ নিৰাপত্তাৰক্ষী।
সন্ত্ৰাসবাদীৰে হোৱা তুমুল সংঘৰ্ষত প্ৰাণ হেৰুওৱা সেনা বিষয়া দুজনৰ এজন হৈছে কৰ্ণেল আৰু আনগৰাকী মেজৰ। শ্বহীদ হোৱা বাকী ৩জনৰ এগৰাকী আৰক্ষী বিষয়া আৰু দুগৰাকী হৈছে সেনা জোৱান।