যোৰহাটঃ মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজ্যৰ ভিতৰতে ৫গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে যোৰহাট জিলালৈ।

কলা শাখাত যোৰহাট নগৰৰ ক্ৰিচেণ্ট একাডেমীৰ দুগৰাকীকৈ ছা্ত্ৰীয়ে স্থান লাভ কৰিবলৈ সমৰ্থ হয়। এই ছাত্ৰী দুগৰাকী হৈছে সুগন্ধি নেওগ আৰু অনন্যা লিজা দত্ত। সুগন্ধিয়ে ৪৭১ নম্বৰেৰে সপ্তম আৰু অনন্যা লিজাই ৪৬৮ নম্বৰেৰে দশম স্থান দখল কৰে।

আনহাতে তিতাবৰৰ পৰা স্থান লাভ কৰে ৩গৰাকীকৈ শিক্ষাৰ্থীয়ে। মফচলীয় অঞ্চলটোৰ প্ৰাগজ্যোতিষ জুনিয়ৰ কলেজৰ স্নেহা মোদীয়ে বাণিজ্য শাখাত সপ্তম আৰু ৰিমঝিম শৰ্মাই কলা শাখাত অষ্টম স্থান লাভ কৰে। অঞ্চলটোৰ আন এখন আগশাৰীৰ শিক্ষানুষ্ঠান কনচেপ্ত জুনিয়ৰ কলেজৰ গায়ত্ৰী দেৱীয়ে কলা শাখাত নৱম স্থান লাভ কৰে।

এনেদৰে ৫গৰাকীকৈ কীৰ্তিমানে সাফল্য অৰ্জন কৰাত যোৰহাট নগৰ আৰু তিতাবৰৰ লগতে সমগ্ৰ জিলাখনৰ শিক্ষানুৰাগী মহলে সন্তুষ্টি ব্যক্ত কৰিছে।

জিলাখনত এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৪.১২ শতাংশ। কলা শাখাত অৱতীৰ্ণ  জিলাখনত  ৮২৯৪ শিক্ষাৰ্থীৰ ভিতৰত ৬৮১৫ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ১৪০৪ গৰাকীয়ে প্ৰথম স্থান, ২২৪১ জনে দ্বিতীয় স্থান আৰু ৩১৬৮ জনে তৃতীয় স্থান লাভ কৰে। উত্তীৰ্ণৰ হাৰ ৮২.১৪। বাণিজ্য শাখাত অৱতীৰ্ণ ৫৯৮ জনৰ ৫১৫ জন উত্তীৰ্ণ হয়। শাখাটোত ১১৪ জনে প্ৰথম, ১৫৬ জনে দ্বিতীয় আৰু ২৪৫ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮৬.১২%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯০.৯৮%। অৱতীৰ্ণ ২২২৮ গৰাকীৰ ভিতৰত উত্তীৰ্ণ ২০২৯ শিক্ষাৰ্থীৰ ১২৬৬ জনে প্রথম, ৬৭০ জনে দ্বিতীয় আৰু ৯১ জনে তৃতীয় স্থান লাভ কৰে। 

যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰপৰা অৱতীৰ্ণ ৪৪৬ শিক্ষাৰ্থীৰ কলা শাখাত ২০৪ জনে প্ৰথম, ৯৮ জনে ডিষ্টিংশ্যন, বিজ্ঞান শাখাত ৭৮ জনে প্ৰথম আৰু ২৪ জনে ডিষ্টিংশ্যন, বাণিজ্য শাখাত ২৪ জনে প্ৰথম আৰু ৩ জনে ডিষ্টিংশ্যন লাভ কৰে।

প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজৰ ৭৫ জনে ডিষ্টিংশ্যন, ৯ জনে ষ্টাৰ আৰু ৪ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। দিব্যৰাহ দত্ত আৰু গীতাশ্ৰী তেলী নামৰ শিক্ষাৰ্থী দুজনে ১ নন্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। লুইত ভেলী একাডেমীৰ কলা শাখাত উত্তীৰ্ণ ২৮০ শিক্ষাৰ্থীৰ ২৩৬ জনে প্ৰথম বিভাগত, বিজ্ঞান শাখাত উত্তীৰ্ণ ১১৫ জনৰ ৪৪ জনে প্ৰথম আৰু বাণিজ্য শাখাত উত্তীৰ্ণ ২৮ জনৰ ভিতৰত ৯ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কলা শাখাত ৬৭ জনে প্ৰথম, বিজ্ঞান শাখাত ৭৭ জনে আৰু বাণিজ্য শাখাত ৩৮ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আটাইকেইটা শাখাতে অৱতীৰ্ণ ৩২১ শিক্ষাৰ্থীৰ ২৮৯ জন উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ১৮২ জনে প্ৰথম ৮২ জনে দ্বিতীয় বিভাগ আৰু ২৩ জনে তৃতীয় বিভাগত ১ জনে ষ্টাৰ নম্বৰ লাভ কৰে।

যোৰহাট চৰকাৰী বহুমুখী  বালক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ কলা শাখাৰ ৬৫ জন শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। ৫ জনে প্ৰথম, ৩৩ জনে দ্বিতীয় আৰু ২৭ জনে তৃতীয় স্থান লাভ কৰে। বিজ্ঞান শাখাত ৭ জনে প্ৰথম, ২৬ জনে দ্বিতীয় আৰু ২ জনে তৃতীয় স্থান লাভ কৰে। বাণিজ্য শাখাত এজনে দ্বিতীয় আৰু ১০ জনে তৃতীয় স্থান লাভ কৰে।