filephoto
filephoto

newsnextone.com | ওদালগুৰিঃ পাৰপত্ৰ আইন ভংগ কৰি অবৈধভাৱে অসমত প্ৰৱেশ কৰা ৫২গৰাকী বাংলাদেশী নাগৰিকক ইতিমধ্যে বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হয়। দেওবাৰে এই কাৰ্য সমাপন কৰে চৰকাৰে। ৫২ গৰাকীৰ ভিতৰত আছিল ওদালগুৰি জিলাৰ তিনিগৰাকী লোক। উক্ত লোককেইজনৰ ক্ষেত্ৰতো একে ব্যৱস্থা গ্ৰহণ কৰা হয়। 

ওদালগুৰিত কাৰাবন্দী হৈ থকা আবুবক্কৰ, চক্ৰমণি দেৱ, মজিবুৰ ৰহমানকো বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হয়। আটাইকেইজন লোকে ২০১৪ চনত ওদালগুৰি জিলাত প্ৰৱেশ কৰাৰ পাছত আৰক্ষীৰ হাতত ধৰা পৰি শৰণাৰ্থী শিৱিৰত বন্দী বৈ আছিল। কিন্তু চৰকাৰৰ নিৰ্দেশ ক্ৰমে ভাৰত-বাংলা সীমান্তৰে ওদালগুৰি জিলাত ধৰা পৰা তিনিজন বাংলাদেশী সহ ৫২ গৰাকী লোকক বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হয়।