newsnextone.com | ডিজিটেল ডেস্কঃ বয়স মাথো এটা সংখ্যা৷ সাফল্যৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধা হ’ব নোৱাৰে৷ এই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে ৫৩ বছৰীয়া প্ৰাক্তন মডেল সংগীতা বেহলে৷ প্ৰবীনতম ভাৰতীয় মহিলা হিচাপে তেওঁ মাউন্ট এভাৰেষ্টৰ শিখৰত খোজ থৈ বয়সৰ প্ৰতিবন্ধকতাক নসাৎ কৰিবলৈ সক্ষম হয়৷
জন্মু-কাশ্মীৰৰ উদ্যোগপতি সংগীতা বৰ্তমান গুৰুগ্ৰামৰ বাসিন্দা৷ দেওবাৰে মহিলাগৰাকীৰ অসমান্য কৃৰ্তীত্বৰ বাবে কাঠমাণ্ডুৰ ভাৰতীয় দূতাৱাসে সম্বৰ্ধনা জ্ঞাপন কৰে৷ যোৱা ১৯ মে’ত দুগৰাকী শেৰপাৰ সহযোগত সংগীতা বেহলে বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভাৰেষ্টৰ শিখৰত পদাৰ্পণ কৰে৷ উল্লেখ্য যে, ২০১৬ চনত সংগীতাৰ স্বামী অংকুৰ বেহলেও এভাৰেষ্ট জয় কৰিছিল৷ দম্পত্তিহালে বিশ্বৰ সাতখন দেশৰ ৭ টা শৃংগ জয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ দম্পত্তিহালে ইতিমধ্যে কেইবাটাও শৃংগ একেলগে জয় কৰিবলৈ সক্ষম হৈছে৷