51
ডিফুঃ পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয়ৰ ঘন অৰণ্যত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত এইছ এন এল চি নামৰ উগ্ৰপন্থী সংগঠনৰ গোপন ঘাটি ধ্বংস কৰাৰ লগতে সংগঠনটোৰ ৫ জন দুধৰ্ষ কেডাৰ আটক হয়৷
তদুপৰি সেনা-আৰক্ষীয়ে সংগঠনটোৰ কেজাৰৰ পৰা বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰীৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অসম-মেঘালয় সীমান্তৰ ঘন অৰণ্যত সহস্ত্ৰ সংগঠনৰ গোপন ঘাটি থকাৰ সেনা-আৰক্ষীয়ে গোপনে অভিযান চলাই এজন এইছ এন এল চিৰ কেডাৰ আটক কৰে৷