Home ৰাজ্য১৮ বছৰে কংগ্ৰেছৰ দখলত থকা বটদ্ৰবা সত্ৰ সমবায় সমিতিৰ ৬ জন সুলভ মূল্যৰ দোকানীক গ্ৰেপ্তাৰ

১৮ বছৰে কংগ্ৰেছৰ দখলত থকা বটদ্ৰবা সত্ৰ সমবায় সমিতিৰ ৬ জন সুলভ মূল্যৰ দোকানীক গ্ৰেপ্তাৰ

by News Desk
59 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতি বিগত প্ৰায় ১৮টা বছৰে কংগ্ৰেছৰ দখল আছে। কংগ্ৰেছৰ দখনত থকা বটদ্ৰবা সত্ৰ সমবায় সমিতিত দীৰ্ঘদিন ধৰি চাউল, অাটা আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। পূৰ্বে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ পিছত সমবায়ত সংঘটিত দুৰ্নীতী অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্ত প্ৰক্ৰিয়াই সোমবাৰে আন এক নতুন কেলেংকাৰী উদঘাটন কৰিবলৈ সক্ষম হয়।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ খাদ্য সুৰক্ষা আঁচনিৰ চাউল গ্ৰাহকক বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে। বটদ্ৰবা সত্ৰ সমবায়ৰ অন্তৰ্গত কেইবা খনো সুলভ মূল্যৰ দোকানত এনে অনিয়ম সংঘটিত হোৱা বুলি অংশীদাৰী ৰাইজে এক লিখিত অভিযোগ দাখিল কৰাৰ পিছত ঘটনাই নতুন মোৰ লাভ কৰে। সোমবাৰে পুৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তকাৰী বিষয়াৰ দল এটি বটদ্ৰবা গড়কাপ্তানি পৰিদৰ্শন বাংলাত উপস্থিত হৈ সুলভ মূল্যৰ দোকানীসকলক সোধ পোছ আৰম্ভ কৰে আৰু দোকানী সকলৰ সাক্ষ্য গ্ৰহণ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0