নতুন দিল্লীঃ দেশত অভাৱ ঘটিছে পৰিষ্কাৰ পানীৰ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি দেশৰ প্ৰায় ৬ কোটি ৩০ লাখ লোকেই বঞ্চিত পৰিষ্কাৰ পানীৰ পৰা৷ কাইলৈ বিশ্ব জল দিৱস উপলক্ষে প্ৰকাশ কৰা হৈছে এই উদ্বেগজনক তথ্য৷ গ্ৰাম্য অঞ্চলত বাস কৰা অধিকাংশ লোকেই বঞ্চিত হৈছে পৰিষ্কাৰ পানীৰপৰা৷
মুলতঃ সঠিক চৰকাৰী পৰিকল্পনাৰ অভাৱ, ক্ৰমবৰ্ধমান জনসংখ্যা আৰু কৃষি কাৰ্যত প্ৰচুৰ পানী ব্যৱহাৰৰ ফলতে দেশত কমি আহিছে পৰিষ্কাৰ পানী৷ পৰিষ্কাৰ পানীৰ অভাৱৰ ফলতে লোকসকলৰ মাজত কলেৰা, মেলেৰীয়া আৰু ডেংগুৰ দৰে ৰোগসমুহ বৃদ্ধি পাব ধৰিছে৷