newsnextone.com | নগাঁওঃ শিৱসাগৰৰৰ দিছাং মুখৰ দিছিয়াল ঘাটত দিখৌৰ বুকুত একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি ঘটা শোকাৱহ দুৰ্ঘটনাৰ পিছত পুনৰ এক অনুৰূপ ঘটনাই কঁপাই থৈ গ’ল সমগ্ৰ ৰাজ্য৷ শুকুৰবাৰে নগাঁও জিলাৰ জুৰীয়াৰ খাটোৱাল গাঁৱৰ এটা পুখুৰীত প্ৰাণ গ’ল একেটা পৰিয়ালৰে শিশুসহ ছয়জনকৈ লোকৰ। 

জানিব পৰা মতে, জুৰীয়াৰ নিকটৱৰ্তী খাটোৱাল গাঁৱত এটা পুখুৰীত ছিঙি পৰিছিল ১১ হাজাৰ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ। যাৰ ফলত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে একেটা পৰিয়ালৰে শিশু সহ ৬ জন সদস্যই অকাল মৃত্যুক সাৱটি লয়৷  

ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলবাসী ৰাইজে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত এটাৰ পাছত আন এটা বিভাগত নিতৌ ভয়ংকৰ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে৷ ৰাইজৰ অভিযোগ মতে, শক্তি মন্ত্ৰী তপন গগৈৰ বিয়াগোম বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই অকালতে শিশু সহ ৬জনকৈ লোকৰ প্ৰাণ হানি হয়৷

ইফালে, ঘটনা সংঘটিত হোৱাৰ পিছতে, কৰ্তব্যত গাফিলতিৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ৰূপহী বিদ্যুৎ উপ সংমণ্ডল বিষয়া পল্লৱ দাস, কণিষ্ঠ অভিযন্তা দীপক প্ৰধান আৰু বিদ্যুৎ কৰ্মী ফকৰুল ইছলামক। আনহাতে, বিদ্যুৎস্পৃষ্ট হৈ গুৰুত্বৰ ভাবে আহত সকলক চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

উল্লেখ্য যে, শুকুৰবাৰে পুৱা ৬ জনকৈ লোকে পুখুৰীটোত মাছ মাৰি থাকোঁতেই ১১০০০ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ ছিঙি পৰাৰ ফলত হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয়৷ যাৰ ফলত ৰফিকুল ইছলাম, মাইনুল ইছলাম, হবিবুৰ ৰহমান, আশ্বিকুল ইছলাম, ইনামুল হক আৰু জবৰ আলী নামৰ লোককেইজন থিতাতে নিহত হয়৷ 

এই ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰে বিদ্যুৎ বিভাগৰ স্থানীয় কৰ্মচাৰী ফকৰুল ইছলামৰ গৃহ। উত্তেজিত ৰাইজে কৰ্মচাৰীজনৰ এখন বাহনত আক্ৰমণ চলাই ভাঙি পেলায়। ইফালে, জানিব পৰা মতে, ৰাইজৰ হতাহতিত কৰ্মচাৰী জনৰ পৰিয়ালৰ তিনিগৰাকী মহিলাও আহত হয়। 

বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই আজি এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু কৃষক মুক্তিৰ লগতে বহু কেইটা দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শক্তি মন্ত্ৰী আৰু বিভাগটোৰ বিৰুদ্ধে। বহু কেইটা দাবী উৎথাপন কৰি দিনজোৰাকৈ অব্যাহত ৰাখে প্ৰতিবাদ। 

যাৰ ফলত ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলা উপায়ুক্ত, বিধায়ক নুৰুল হুদা, মন্ত্ৰী কেশৱ মহন্তক, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, সাধাৰণ সম্পাদক বিৰাজ কুমাৰ মন্দিৰ, বিজেপি নেতা জাকাৰিয়া হক চৌধুৰী আদিৰ লগতে বহু কেইগৰাৰী জন প্ৰতিনিধি। অৱশ্যে এই ঘটনা সন্দৰ্ভত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব। আনপিনে ঘটনাস্থলীত সন্ধিয়া শক্তি মন্ত্ৰী তপন গগৈ উপস্থিত হৈ মৃতকৰ পৰিয়াললৈ ২ লাখ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে পৰিয়ালৰ শিক্ষিত নিৱনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷