newsnextone.com | তামুলপুৰঃ নাৰী ব্যৱসায়ী চক্ৰ ৰাজ্যত আজিও সক্ৰিয়৷ একাংশ লোকে দৰিদ্ৰতাৰ সুযোগ লৈ কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ গাভৰুক বহিঃৰাজ্যলৈ নি বিক্ৰী কৰাৰ উদাহৰণ বহু আছে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰী-যুৱতীক নি বহিঃৰাজ্যত বিক্ৰী কৰাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে ৰঙিয়াত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে ৬গৰাকী মহিলাক৷ ৰেল আৰক্ষীয়ে সন্দেহজনক মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা মহিলাসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
ভাৰত-ভূটান সীমান্তত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এই চক্ৰটোৱে বাক্সা, ওদালগুৰি, শোণিতপুৰ আদি ঠাইৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে যুৱতী সৰবৰাহ কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘ দিনীয়া৷