newsnextone.com | তামুলপুৰঃ নাৰী ব্যৱসায়ী চক্ৰ ৰাজ্যত আজিও সক্ৰিয়৷ একাংশ লোকে দৰিদ্ৰতাৰ সুযোগ লৈ কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ গাভৰুক বহিঃৰাজ্যলৈ নি বিক্ৰী কৰাৰ উদাহৰণ বহু আছে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰী-যুৱতীক নি বহিঃৰাজ্যত বিক্ৰী কৰাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে ৰঙিয়াত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে ৬গৰাকী মহিলাক৷ ৰেল আৰক্ষীয়ে সন্দেহজনক মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা মহিলাসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

ভাৰত-ভূটান সীমান্তত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এই চক্ৰটোৱে বাক্সা, ওদালগুৰি, শোণিতপুৰ আদি ঠাইৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে যুৱতী সৰবৰাহ কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘ দিনীয়া৷ 

প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত নাৰী সৰবৰাহ কাণ্ডৰ সৈতে লোক ৰাইজ তথা আৰক্ষীৰ হাতত ধৰা পৰা ঘটনাক দ্বাৰা ৰাজ্যত যে আজিও নাৰী সৰবৰাহ চক্ৰ সক্ৰিয় হৈ আছে সেই কথা জানিব পৰা যায়৷ এনে ঘটনা সংঘটিত হৈ অহাৰ সময়তে ৰঙিয়াত নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ হয় ৬গৰাকীকৈ মহিলা। 

জানিব পৰা মতে, মঙলবাৰে নিশা ৰঙিয়া ৰেল ষ্টেচনত এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে৷ ৰঙিয়া ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আগাষ্টিন চোৰেন নামৰ ২৮ বছৰীয়া যুৱকজনক জেৰা কৰাত তেওঁৰ সৈতে ৬গৰাকী মহিলা থকাৰ লগতে তেওঁলোকক গুজৰাটলৈ নিয়াৰ বাবে লৈ অহা বুলি কয়৷ তাৰ লগে লগে আগাষ্টিন চোৰেনক লগত লৈ ৰেল আৰক্ষীয়ে অভিযান চলোৱাত ছয়গৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ তামুলপুৰ মহকুমাৰ দৰংগামেলাৰ পৰা লৈ অহা দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক গুজৰাটলৈ নিয়াৰ বাবে ৰঙিয়া ৰেল ষ্টেচনলৈ লৈ আহিছিল৷ ৰৈ ষ্টেচনত যুৱকজনে সন্দেহজনক ভাৱে ঘুৰা-ফুৰা কৰি থকাত সোধ-পোছ কৰাতহে সকলো ওলাই পৰে৷ 

মহিলাসকলক ৰেলৱে আৰক্ষীয়ে বাক্সাৰ দৰংগামেলা আৰক্ষীক চমজাই দিয়ে৷ ভাৰত-ভূটান সীমান্তৰ পৰা দৰিদ্ৰতাৰ সুযোগলৈ একাংশ এজেণ্টে বহিঃৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি প্ৰায়ে মহিলা-যুৱতীক এনেদৰে নিয়াৰ ঘটনা পোহৰলৈ আহি থাকে৷