মোৰাঝাৰঃ অসম চৰকাৰে আয়োজন কৰা নিয়োগ মেলাত হোজাই জিলাৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিছে৷ ৰাজ্য চৰকাৰ গ্ৰামীণ আজীৱিকা মিছন চমুকৈ এএছআৰএলএমৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত যোৱা ২২ জুনত মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰত নিয়োগ মেলাৰ আয়োজন কৰে৷
নিয়োগ মেলাত হোজাইৰ মৰ্কজুল মা’ আৰিফৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰীয়ে বাজি মাৰিবলৈ সক্ষম হয়৷ মুঠ ৪২ টা বিভিন্ন কোম্পানীয়ে অংশগ্ৰহণ কৰা মেলাত মৰ্কজুল মা’ আৰিফৰ ৬৪ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছিল৷ ইয়াৰে ৫৬ গৰাকীৰ চাকৰি নিশ্চিত হয়৷