newsnextone.com | আজাৰাঃভ্ৰাম্যমাণ ছবিগৃহৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ শিল্পক গণমূখী কৰাৰ বাবে অবিৰতভাবে সেৱা আগবঢ়াই অহা আইদেউ টকীজ অসমে চলিত বৰ্ষৰ ২০আগষ্টত ভৰি দিলে ষষ্ঠ বৰ্ষত।প্ৰতিষ্ঠানটোৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মিৰ্জাৰ শিকাৰহাটী খেলপথাৰত 'ক্ৰান্তিকালৰ ৰূপালী সন্ধ্যা' শীৰ্ষক এটি বৰ্ণাধ্য কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।অনুষ্ঠানত বিয়াল্লিচৰ আন্দোলনৰ প্ৰথমগৰাকী ছহিদ কনকলতাৰ জীৱনৰ ওপৰত আধাৰিত চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ ছবি -'পূৰৱ কী আৱাজ'ৰ মুকলি প্ৰদৰ্শনীও আগবঢ়োৱা হয়।সম্পূৰ্ণ মুকলি পৰিৱেশত সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ বোলছবি জগতৰ প্ৰাতঃস্মৰণীয় ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আইদেউ সন্দিকৈৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভণি কৰে অঞ্চলটোৰ প্ৰৱীণ অভিনেতা আদিত দাসে।

আইদেউ টকীজ অসমৰ প্ৰধান ৰত্ন দাসে আঁত ধৰা অনুষ্ঠানত লোকসংস্কৃতিৰ সাধক সভাৰাম দাসকো বিশেষভাৱে সম্বৰ্ধনা জনায়।অনুষ্ঠানত উপস্থিত থাকে 'পূৰৱ কী আৱাজ' ছবিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামভূমিকাত অভিনয় কৰা শিল্পী প্ৰশান্ত কুমাৰ দাসৰ লগতে নৱাগত ছবি পৰিচালক বিশ্বজিত কলিতা, নৱাগত অভিনেতা কিশোৰ দাস, স্থানীয় সাংস্কৃতিক কৰ্মী দীপক দাস, 'ছাকিৰা আহিব বকুল তলৰ বিহুলৈ' ছৱিৰ অভিনেতা জ্যোতিপ্ৰসাদ দাসৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমিউনিটি অঁনাতাৰ সেৱা ৰেডিঅ' লুইতৰ অনুষ্ঠানৰ কাৰ্যবাহী ভাস্কৰজ্যোতি আচাৰ্য, সংগীত শিল্পী জিন্তু জোনাক, ৰাজদ্বীপ বৰুৱা, দৰং জিলাৰ বিশিষ্ট সমাজকৰ্মী শেখৰ মজুমদাৰৰ লগতে আইদেউ টকীজৰ জিলা শাখাসমূহৰ পৰা অহা মুঠ ২০ গৰাকী বিষয়ববীয়া।ভাষণ প্ৰসংগত জ্যোতিপ্ৰসাদ দাস আৰু বিশ্বজিৎ কলিতাই অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবিগৃহ 'আইদেউ টকীজ'ৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ থকা গুৰুত্ব সম্পৰ্কত আলোকপাত কৰে।

শেহতীয়াকৈ প্ৰথমটো ভ্ৰাম্যমাণ ছৱিগৃহৰ ক্ষেত্ৰত অহা বিতৰ্ক সম্পৰ্কত তেওঁলোকে মত পোষণ কৰি কয় যে -'ইতিহাসক ধনৰ বলেৰে সলনি কৰিব পৰা নাযায় বৰঞ্চ সংঘাতে ইতিহাসক যুগমীয়া কৰে।' আনহাতে অসমৰ ৰাইজে আদৰি লোৱা আইদেউ টকীজে ইতিমধ্যে অসমৰ চলচ্চিত্ৰ ইতিহাসত বলিষ্ঠ ৰেখা অংকণ কৰিছে বুলিও আইদেউ টকীজৰ দৰং জিলাৰ সভাপতি মানৱ প্ৰতীম দাসে মত পোষণ কৰে।মূল চলচ্চিত্ৰ প্ৰদৰ্শনৰ আগমূহুৰ্তত আইদেউ টকীজৰ ওপৰত তৃষ্ণা তালুকদাৰে নিৰ্মাণ কৰা তথ্যচিত্ৰ -'আইদেউ -দ্য জাৰ্নি ইজ অন' ও প্ৰদৰ্শন কৰা হয়।মিনাক্ষী চৌধুৰীয়ে কবিতাৰ এতি মনোৰম অনুষ্ঠান পৰিৱেশন কৰে 'ক্ৰান্তিকালৰ ৰূপালী সন্ধ্যা'ত ।উপ প্ৰধান পাপ্পু কবীড়ে আইদেউ টকীজৰ প্ৰতি অসমৰ ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।আইদেউ টকীজৰ প্ৰতিটো ব্যতিক্ৰমী তথা ধনাত্মক প্ৰয়াসৰ প্ৰতি ৰাইজে স্বত:স্ফুৰ্ত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে জ্যোতি চিত্ৰবনৰ বাকৰিত জন্মলাভ কৰা আইদেউ টকীজে বিগত পাঁচ বছৰত অসমত প্ৰায় ৭০ হাজাৰৰো অধিক দৰ্শক সৃষ্টি কৰাৰ উপৰি পোনপতীয়াকৈ আৰ্থিকভাৱে উপকৃত কৰিছে ১৬ খনকৈ আঞ্চলিক ভাষাৰ ছবিক।আইদেউ টকীজৰ প্ৰধান ৰত্ন দাসে ভাষণ প্ৰসঙ্গত এই কথা ৰাজহুৱা কৰে।তেওঁ লগতে ইয়াকো কয় যে সদায় সংস্কৃতিৰ সংকটকালীন পৰিস্থিতিত জাতীয় সেৱাত দায়বদ্ধ হৈ ৰ'ব অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ ছৱিঘৰ আইদেউ টকীজ।