Home ৰাজ্যমোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলৰ অনাস্থা, লোকসভাত ৭ বজাত অনুষ্ঠিত হ’ব ভোটদান

মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলৰ অনাস্থা, লোকসভাত ৭ বজাত অনুষ্ঠিত হ’ব ভোটদান

by News Desk
60 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ লোকসভাত শুকুৰবাৰে বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ’ব৷ ১৮ জুলাইৰ পৰা দুয়ো সদনৰ বৰ্ষাকালীন অধিবেশনত বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল৷ ইতিমধ্যে বিৰোধী দলৰ নেতা আৰু শাসকীয় দলৰ নেতাই লোকসভাত নিজ নিজ মন্তব্য দাঙি ধৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে অনাস্থা সন্দৰ্ভত অন্তিম ভাষণ প্ৰদান কৰিব ৬ বাজি ৩০ মিনিটত৷ জানিব পৰা মতে, বিৰোধী দলৰ অনাস্থা সন্দৰ্ভত ভোটদান অনুষ্ঠিত হ’ব ৭ বজাত৷ সকলো দলে হুইপ জাৰি কৰিছে নিজ নিজ দলে৷

শুকুৰবাৰে একপ্ৰকাৰ লোকসভাত অগ্নিপৰীক্ষা দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে৷ প্ৰথমবাৰৰ বাবে টিডিপি সহ দেশৰ মুঠ প্ৰায় ১৬টা দলে চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে শুকুৰবাৰে আস্থা ভোট অনুষ্ঠিত কৰিব লগা হয়৷ শুকুৰবাৰে ৭বজাত ভোট অনুষ্ঠিত হ’ব আৰু লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে মোডী চৰকাৰ ভংগ হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0