57
ডিজিটেল ডেস্কঃ এটি ৭ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে এলাহবাদৰ ভিতৰুৱা অঞ্চলৰ গাওঁ এখনত৷ বৃহস্পতিবাৰৰ এই ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তক আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিছে৷
চহৰখনৰ পৰা ৪০ কি.মি. মান দুৰত্বৰ ঘুৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আমৰেহা বুডাউনত এই ঘটনা সংঘটিত হোৱা বুলি জানিবপৰা গৈছে৷ মাকৰ কাষৰপৰা শুই থকা অৱস্থাতে নিৰুদ্দেশ হোৱা শিশুটিক বিচাৰি বৃহস্পতিবাৰে হৈ ছৈ লাগে গাওঁখনত৷