খেৰণিঃ ১৯৪২ চনত বসতি আৰম্ভ কৰা কাৰ্বি আংলং জিলাৰ ডংকামোকাম চহৰৰ সমীপৰ ছাৰ-ছেনত গাঁৱে ৭৫ বছৰ অতিক্ৰম কৰিলে৷ দেওবাৰে ব্যাপক উলাহেৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে ৰাইজে। কাৰ্বি আংলং জিলাৰ ডংকামোকাম চহৰৰ নিকটৱৰ্তী সকলোৰে পৰিচিত ছাৰ-ছেনত গাঁৱত প্ৰায় অৰ্ধশতাধিক পৰিয়ালে বসবাস কৰি আহিছে৷ গাঁও খনৰ লোকসকলে হীৰক জয়ন্তী বৰ্ষ পালন কৰি আনন্দ-উলাহ প্ৰকাশ কৰে৷
দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে। হীৰক জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰাৰ লগতে গাওঁখনক স্থাপন কৰা প্ৰয়াত প্ৰতিস্থাপক চেং ৰংহাং, ছিং ৰংহাং, নৰটেং পাটৰকে আদি কৰি কেইবাগৰাকী লোকৰ সোঁৱৰণত এটি স্মৃতি স্তম্ভ স্থাপন কৰে গাঁওবাসীয়ে। কাৰ্বি নৃত্য-গীত প্ৰতিযোগিতা, খেল-ধেমালি প্ৰতিযোগিতা আদিৰ অন্তত দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে মুকলি সভা অনুষ্ঠিত হয়।