The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ উপহাৰ দিলে শিক্ষকক৷ কেন্দ্ৰীয়, ৰাজ্য আৰু চৰকাৰি সাহাৰ্যপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ শিক্ষকক দিলে কেন্দ্ৰীয় চৰকাৰে এই উপহাৰ৷ সপ্তম দৰমহা আয়োগৰ মতে শিক্ষকৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে৷

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা দেশৰ ৩২৯ খন ৰাজ্যিক বিশ্ববিদ্যালয়, ১২৯১২ খন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকে সপ্তম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব বুলি কয়৷ লগতে ৪৩ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা কেন্দ্ৰীয় চৰকাৰৰ সহায়েৰে পৰিচালিত হৈ অহা বিশ্ববিদ্যালয়ৰ শিক্ষকে এই সুবিধা লাভ কৰিব৷

যাৰ ফলত প্ৰায় ৭.৫৮ লাখ শিক্ষক লাভৱান হ’ব৷ দৰমহা আয়োগৰ পদক্ষেপৰ ফলত শিক্ষকৰ ২২-২৮ শতাংশ দৰমহা বৃদ্ধিৰ হ’ব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে৷

কেন্দ্ৰীয় চৰকাৰে ‘স্কিল ইণ্ডিয়া’ আঁচনিৰ নীতিত কেন্দ্ৰীয় চৰকাৰে এই সিন্ধান্ত লয়৷ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ৫ বছৰৰ ভিতৰত কাৰিকৰী প্ৰশিক্ষণৰ বাবে বহু লাখ ছাত্ৰ-ছাত্ৰীক জাপানত পঠিয়াব বুলিও ঘোষণা কৰে৷