ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে সপ্তম দৰমহা আয়োগে। বিশেষকৈ যিসকল কৰ্মচাৰী সপ্তম দৰমহা আয়োগৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে, তেওঁলোকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে আয়োগখনে। 

এনডিটিভিত প্ৰকাশিত এক প্ৰতিবেদন মতে, হাউছ ৰেণ্ট এলাউঞ্চকে ধৰি সপ্তম দৰমহা আয়োগৰ অন্তৰ্ভুক্ত ভাট্টাসমূহ চলিত মাহতে নিৰ্ধাৰণ কৰা হ’ব। নেশ্যনেল জইণ্ট কমিশ্যন অৱ এক্সন চমুকৈ এনজিচিএৰ আহ্বায়ক শিৱ গোপাল মিশ্ৰাৰ ভাষ্য মতে ১৮ জুনত সপ্তম দৰমহা আয়োগৰ সিদ্ধান্তসমূহ চুড়ান্ত কৰা হ’ব পাৰে।

তদুপৰি শেহতীয়াকৈ চৰকাৰী পক্ষৰ প্ৰতিনিধিৰ সৈতে শেহতীয়াকৈ আলোচনাত বহা সংস্থাৰ প্ৰতিনিধিৰ মতে আয়োগে দিয়া পৰামৰ্শতকৈ অধিক হাৰত এইচআৰএ পাব পাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলে।   

উল্লেখ্য যে ইয়াৰ পূৰ্বে অশোক লাভাছা কমিটিয়ে এই সন্দৰ্ভত ২৭ এপ্ৰিলত বিত্ত মন্ত্ৰীক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছিল। এই কমিটিখনেই ভাট্টা সন্দৰ্ভত আয়োগৰ পৰামৰ্শাৱলী পৰ্যবেক্ষণ কৰি আহিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ৪৭ লাখ কৰ্মচাৰী প্ৰভাৱিত হ’ব।